এগৰাকী ভাৰতীয় চিকিৎসকৰ মহানুভৱতাঃ সকলো ভাৰতীয় ছাত্ৰ দেশত উপস্থিত নোহোৱালৈকে নেৰে ইউক্ৰেইন

 03/06/2022 - 17:12

 

 

নিউজ ডেস্কঃ যি সময়ত মানুহে ইউক্ৰেইন এৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছে, সেই সময়ত কলকাতাৰ এজন ৩৭ বছৰীয়া ভাৰতীয় চিকিৎসকে যুদ্ধবিধ্বস্ত দেশখন এৰি নোযোৱাৰ সিদ্ধান্ত লৈছে। ডাঃ পৃথ্বী ৰাজ ঘোষ নামৰ ইউক্ৰেইনত কৰ্তব্যৰত এগৰাকী চিকিৎসকে কৰা ঘোষণাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। চিকিৎসাসেৱাৰ লগতে তেওঁ ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শদাতা হিচাপেও কাম কৰি আছিল দেশখনত। তেওঁ এতিয়া ভাৰতীয় শিক্ষাৰ্থীসকলক দেশখনৰ পৰা স্থানান্তৰ কৰা কাৰ্যত সহযোগ কৰিবলৈ দেশখনতে থকাৰ সিদ্ধান্ত লৈছে। ‘মই কিয়েভত আবদ্ধ হৈ থকা নাই, মই স্বইচ্ছাৰে দেশখন এৰি যোৱা নাই। মই ইউক্ৰেইনৰ পৰা প্ৰায় ৩৫০ জন শিক্ষাৰ্থীক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোক কিয়েভত মোৰ শিক্ষাৰ্থী আছিল। দেশখন এৰি যোৱা আন সমন্বয়কসকলে মোক বিভিন্ন অংশত আবদ্ধ হৈ থকা আনসকল শিক্ষাৰ্থীকো সহায় কৰিবলৈ আহ্বান জনাইছিল, বিশেষকৈ ছুমীত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক।’ সংবাদ  ড০ ঘোষে সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।