শ্বেন ৱাৰ্নৰ মৃত্যুক লৈ থাইলেণ্ড আৰক্ষীয়ে শেহতীয়াকৈ প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ খবৰ

 03/06/2022 - 19:53

 

নিউজ ডেস্কঃ শুকুৰবাৰে থাইলেণ্ডত অষ্ট্ৰেলিয়াৰ কিংবদন্তি স্পিনাৰ ৫২ বছৰীয়া ৱাৰ্নৰ (Shane Warne) মৃত্যু হয়। থাইলেণ্ডৰ এটা ব্যক্তিগত ভিলাত ৱাৰ্নৰ বন্ধুসকলে তেওঁক অচেতন অৱস্থাত পাইছিল। তেওঁৰ মেনেজমেণ্টে পিছত এটা বিবৃতি জাৰি কৰি কৈছিল যে তেওঁ সন্দেহজনক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ মৃত্যুৰ বিষয়ে ডাঙৰ তথ্য পোহৰলৈ আহিছে। থাইলেণ্ড আৰক্ষীয়ে ৱাৰ্নৰ মৃত্যুক লৈ এটা নতুন বিবৃতি দিছে। থাই আৰক্ষীয়ে প্ৰকাশ কৰিছিল যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুৰ আগতে বুকুৰ বিষ (chest pains) হৈছিল। ৱাৰ্নৰ ইতিমধ্যে হাপানি আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা আছিল। আৰক্ষীৰ মতে, হলীডে আইলেণ্ড ভিলাত প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ মৃত্যুত কোনো ধৰণৰ সন্দেহজনক বিষয় প্ৰত্যক্ষ কৰা হোৱা নাই। থাই আৰক্ষী বিষয়া য়ুটানা চিৰিচোম্বাটে (কয় যে তেওঁৰ শৰীৰত কোনো ড্ৰাগছজাতীয় পদাৰ্থ বা নিচাজাতীয় পদাৰ্থৰ অৱস্থিতি পোৱা হোৱা নাই দ্য বেংকক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি শ্বেন ৱাৰ্ন যিটো কোঠাত আছিল, তাৰ মজিয়াত, গা ধোৱা টাৱেল আৰু গাৰুত তেজৰ দাগ পোৱা গৈছিল (bloodstains found on floor)। আৰক্ষীয়ে থাই বাতৰি কাকত মেটিচোনক কোৱা মতে, ৱাৰ্নৰ মৃত্যুৰ পূৰ্বে ৰক্তক্ষৰণ হৈছিল। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।