ডুমডুমাত আছুৰ বিক্ষোভ কাৰ্যসূচী

 03/08/2022 - 15:01

 

ডুমডুমাঃ অৰুণাচলৰ নামচাই, চাংলাং, লোহিত আদি জিলাত অবাধ বন ধংসৰে একাংশ কাঠ মাফিয়াই তিনিচুকীয়া জিলাৰ ডুমডুমা হৈ অসমৰ বিভিন্ন ঠাইত নিৰ্ভিগ্নে কাঠ সৰবৰাহ কৰি অহা ঘটনাই পৰিৱেশ প্ৰেমী আৰু দল-সংগঠন সমূহক উদিগ্ন কৰি তুলিছে । দৈনিক দিনে-নিশাই ট্ৰাকে ট্ৰাকে কাঠ সৰবৰাহ হৈ থকা বাতৰি ধাৰাবাহিকভাৱে সংবাদ মাধ্যমে প্ৰকাশ কৰি অহা স্বত্তেও বন বিভাগ কিম্বা চৰকাৰৰ গা লৰা দেখা নগ’ল যাৰ ফলশ্ৰুতিত আজি আছু ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। 

 

ডুমডুমাৰ বন সংমণ্ডল বিষয়া গৰাকীৰ প্ৰত্যক্ষ সহযোগত কাঠ মাফিয়াই অবৈধ কাঠৰ বেহা চলাই থকাৰ অভিযোগ আনি আছুয়ে DFO ৰ চিণ্ডিকেট ৰাজ নচলিব' বন বিভাগ মুৰ্দাবাদ, বনমন্ত্ৰী লেই লেই চেই চেই আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তুলে।  আনহাতে বন সংমণ্ডল বিষয়া গৰাকীয়ে আছুৰ অভিযোগ আৰু সংবাদ মাধ্যমৰ বাতৰিক ভিত্তিহীন বুলি কয় কোনো ধৰণৰ অবৈধ কাঠৰ সৰবৰাহ হোৱা নাই বুলি দাবী কৰে। আছুয়ে বন সংমণ্ডল বিষয়া গৰাকীক এক স্মাৰক পত্ৰ অৰ্পন কৰি শীঘ্ৰে অবৈধ কাঠ সৰবৰাহত নাকি লগাই বন ধংস কাৰ্য্য বন্ধ কৰিবলৈ দাবী জনাই অন্যথা বন বিভাগ আৰু বন সংমণ্ডল বিষয়া গৰাকীৰ বিৰোধে তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ  দিয়ে। ক্ষমতাশালী লোকৰ চত্ৰছায়াত অব্যাহত থকা অৰুনাচল আৰু তিনিচুকীয়া জিলাৰ সংৰক্ষিত বনাঞ্চলৰ ধ্বংসযজ্ঞ আছুৰ বিক্ষোভে ৰক্ষা কৰিবলৈ সক্ষম হ’ব নে নাই ই পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।