03/08/2022 - 19:22
in
জামুগুৰিহাটঃ নাৰীৰ সুৰক্ষা, সবলীকৰণ তথা সৰ্বাংগীন বিকাশৰ হেতু জন্মলাভ কৰা তথা বৰ্তমান ৰাজ্যৰ চৌদিশে বিয়পি পৰা “Wariors এক জাগৰণ নাৰিত্ব” নামৰ সংগঠনটিৰ শোণিতপুৰ জিলা কমিটিয়ে মঙলবাৰে জামুগুৰিহাটত উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস৷ জামুগুৰিহাটৰ বাপুজি ভৱন প্ৰাংগনত পতাকা উত্তোলন কৰাৰ পিছতেই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই দিৱসৰ লগত সংগতি ৰাখি জিলাভিত্তিত দিহানামৰ প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত মূলসভাৰ কাৰ্যসূচীত সমাজৰ লগতে সাহসৰে জীৱন বাটত আগুৱাই যোৱা কেইবাগৰাকীও আদৰ্শ নাৰীক সম্বৰ্ধনাও জনোৱাৰ ব্যৱস্থা কৰিছে Wariors ৰ জিলা সমিতিয়ে৷ এইসকল সাহসী নাৰীৰ ভিতৰত জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ছাত্ৰী তথা নৃত্যৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা ধৃতি কংকনা শইকীয়াকো সম্বৰ্ধনা জনায় Wariorsৰ কৰ্মকতাসকলে৷