বৃহৎ নদীবান্ধক জলবোমা আখ্যা আছুৰ

 06/07/2019 - 19:37

 গোগামুখঃ ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মাণৰত ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি অৰুণাচলৰ ৰাজ্যপালে ৰাজহুৱাকৈ ঘোষণা কৰাক লৈ সমগ্ৰ অসমৰ দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছেl ৰাজ্যপালগৰাকীয়ে জলবিদ্যুৎ প্ৰকল্প অসমত হ’ব বুলি ঘোষণা কৰাক লৈ ধেমাজিৰ গোগামুখত গোগামুখ আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে l গোগামুখ আছুৰ কৰ্মীসকলে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত কেতিয়াও বৃহৎ নদীবান্ধৰ সৃষ্টি হ’ব নোৱাৰিবl

যেতিয়ালৈকে নামনিবাসী ৰাইজৰ জীৱন সম্পতিৰ নিৰাপত্তা সুনিশ্চিত নহয়৷ ইপিনে এই সমগ্ৰ বিষয়টো আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ অৱস্থাত ৰাজ্যপালগৰাকীৰ তেনে মন্তব্যক তীব্ৰভাৱে গৰিহনা দিয়েl যদি কেন্দ্ৰীয় চৰকাৰে অসমত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব খোজে তেন্তে ধেমাজি জিলাৰ গোগামুখত নদীবান্ধ নিৰ্মানকাৰী সংস্থা NHPC-ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে পথ অৱৰোধ, গেৰুকামুখলৈ নিয়া সামগ্ৰীৰ বিৰুদ্ধে আন্দোলন কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ ৰাজ্যপালগৰাকীৰ তেনে মন্তব্যয়ে নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰি থকা সংগঠনৰ সংগ্ৰামী সত্বাক চুড়ান্ত অৱমাননা কৰাৰ লগতে সংগ্ৰামী জনতাক অপমান কৰাক কেতিয়াও মানি লোৱা নহ'ব বুলি সকীয়নি প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত তীব্ৰভাৱে আন্দোলন কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।