টীয়ক পৌৰসভাত কংগ্ৰেছৰ বৃহৎ জয়

 03/09/2022 - 15:57

 

টীয়কঃ টীয়ক পৌৰ সভাত কংগ্ৰেছে বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে।  ১০ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে ৩ টা দখল কৰাৰ লগতে এটা ৱাৰ্ডত কংগ্ৰেছৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। ইফালে বিজেপিয়ে দুখন আসনত অগপই তিনিখনত আৰু দুখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে।
লক্ষণীয়ভাবে মিত্ৰজোঁটৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাৰ গৃহ ৱাৰ্ডত বিজয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী দিগন্ত বৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।