আজি বিশ্ব কিডনি দিৱস, মাৰ্ঘেৰিটা চিভিল হাস্পতালত অনুষ্ঠিত বিশ্ব কিডনি দিৱস

 03/10/2022 - 14:21

 


মাৰ্ঘেৰিটাঃ আজি বিশ্ব কিডনি দিৱস। মাৰ্ঘেৰিটা চিভিল হাস্পতালত এপল ডায়েলাইচিছ ক্লিনিকৰ সহযোগত অনুষ্ঠিত কৰা হয় বিশ্ব কিডনি দিৱস। এই উপলক্ষে আজি পুৱা ১০ বজাত মাৰ্ঘেৰিটা চিভিল হাস্পতাল এপল ডায়েলাইচিছ ক্লিনিকৰ উদ্যোগত বিশ্ব কিডিন দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। এপল ডাইলাইছ ক্লিনিক কেন্দ্ৰটোৰ টেকনিচিয়ান বিপুল ভূমিজে আঁ‌ত ধৰা এই অনুষ্ঠিত মাৰ্ঘেৰিটা চিভিল হাস্পতালৰ অধ্যক্ষ ডাক্তৰ কে চি দাসে মুখ্য অতিথিৰ ভাষণ দিয়াৰ লগতে জ্যেষ্ঠ  Ayurvedic চিকিৎসক Dr S. Barman, Dr Chenmoye Phukan, Dr S. Alam ভাষণ প্ৰদান কৰি শৰীৰ অংগ কিডিনক কি দৰে সুস্থ সবল কৰি ৰাখিব পাৰি লগতে ল'বলগা সাৱধানতাৰ সম্পৰ্কে অৱগত কৰে। উল্লেখ্য যে ২০২১ বৰ্ষত মাৰ্ঘেৰিটা চিভিল হাস্পতালত এপল ডায়েলাইচিছ ক্লিনিকৰ সহযোগত অসম চৰকাৰে স্থাপন কৰা এই কেন্দ্ৰত এই পৰ্য্যন্ত ১৭শৰো অধিক ৰোগীক ডাইলাইছ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে । 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।