গৌৰীপুৰত নৃশংস হত্যাকাণ্ডঃ প্ৰেমিকে জ্বলাই দিলে প্ৰেমিকাক

 06/07/2019 - 20:09

গৌৰীপুৰঃ গৌৰীপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা৷ পাষণ্ড যুৱকে যোৱা নিশা প্ৰেমৰ সম্পৰ্কৰ গইনাৰে এগৰাকী কিশোৰীক বিহ সেৱন কৰাই গাত কেৰাচিন ঢালি জুই লগাই জংঘলত পেলাই উধাও হয়৷ ঘটনাটিয়ে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ ঘটনাৰ বিৱৰণীমতে,বগৰীবাৰী থানাৰ অৰ্ন্তগত ৰঙামাটি তৃতীয়খণ্ড(হিলছ)ৰ বাসিন্দা অজুদ্দিন শ্বেখৰ দ্বিতীয় কন্যা মঞ্জু খাতুন(১৬)অষ্টম শ্ৰেনীত অধ্যায়ন কৰি থকা কিশোৰীগৰাকীৰ সৈতে কেইবা বছৰধৰি একে গাঁৱৰে ছোৰহাব আলীৰ পুত্ৰ শ্বহিদূল ইছলাম(১৯)ৰ আছিল গভীৰ প্ৰেমৰ সম্পৰ্ক৷

জানিব পৰা মতে অঞ্জু খাতুনৰ পিতৃয়ে হায়দৰাবাদত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে৷ শ্বহিদুলে সদায় মঞ্জু খাতুনৰ ঘৰত প্ৰেমৰ সম্পৰ্কত অহা যোৱা কৰে৷ তদুপৰি সদায় চিঠি পত্ৰও আদান প্ৰদান হৈ থাকে দুয়োৰে৷ মাজতে যোৱা ঈদৰ সময়ত দুয়োৰে মাজত হৈছিল বিতৰ্ক৷ এনেতে যোৱা নিশা ঘটিল অঘটন৷ পাষণ্ড যুৱক শ্বহিদুলে নিশা পৰিয়ালৰ লোক টোপনিত নিমজ্জিত হৈ থকা সময়তে মঞ্জু খাতুনক ফুচুলাই জংঘললৈ নিয়ে৷ কিছু সময় পিছতে মঞ্জু খাতুনৰ ঘৰৰ ওচৰৰ জংঘলত দপদপকৈ জুই জ্বলি উঠাৰ উমানপাই পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই আহি প্ৰত্যক্ষ কৰে মঞ্জু খাতুনৰ জ্বলি ছাই হোৱা নশ্বৰদেহ৷

আনহাতে ঘটনাস্থলীত উদ্ধাৰ হয় বিষৰ বটল আৰু কেৰাচিনৰ এই টেমাটো৷ আগতে বিষ সেৱন কৰাই হত্যা কৰি পিছত মৃতদেহ ঘৰৰ ওচৰৰ জংঘললৈ আনি গাত কেৰাচিন ঢালি জুই জ্বলাই দি শ্বহিদুল উধাও হোৱাৰ সন্দেহ ভূক্তভোগী পৰিয়ালৰ৷ স্থানীয় গাওঁবুঢ়াই বগৰীবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰেমিকহালৰ কেইবাখনো চিঠি মঞ্জু খাতুনৰ বহী-কিতাপৰ পৰা উদ্ধাৰ কৰে৷ ইপিনে পাষণ্ড প্ৰেমিকসহ পৰিয়ালৰ লোকে পুৱতি নিশা ঘৰখনৰ পৰা পলায়ন কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কাকো আটক কৰিব পৰা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।