নিউজ ডেস্কঃ ৫ ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ভোটগণনাৰ এতিয়াও অন্ত পৰা নাই যদিও পঞ্জাৱত আপে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। ৰাজ্যখনত আপে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। ১১৭ খন আসনৰ ভিতৰত পঞ্জাৱে প্ৰায় ৯০ খন আসন লাভৰ দিশে আগবাঢ়িছে। উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ আধাৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। উত্তৰ প্ৰদেশত বিজেপি ২৪৬ খন আসনত আগবাঢ়ি আছে। সমাজবাদী পাৰ্টী আগবাঢ়ি আছে ১২০ খন আসনত। আনহাতে উত্তৰাখণ্ডত ৪৮ খন আসনত আগবাঢ়ি আছে বিজেপি।ভোটগণনা অব্যাহত থকাৰ মাজতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে চৰকাৰ গঠন কৰিবলৈ সন্ধিয়া ৰাজ্যপালক সাক্ষাত কৰিব বুলি প্ৰকাশ কৰিছে। একেদৰে মণিপুৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩১ খন আসন। বৰ্তমানলৈকে বিজেপিয়ে ৫ খন আসনত জয় লাভ কৰাৰ লগতে কংগ্ৰেছে ৩ খন আৰু নেচনেল পিপলছ পাৰ্টীয়ে ১ খন আসনত বিজয় সাব্যস্ত কৰিছে।