নিউজ ডেস্কঃ এতিয়া আহিছে এটি নতুন খবৰ৷ ভুবন বাদ্যকাৰৰ কোনো নতুন গান অথবা ভিডিঅ’ৰ বিষয়ে নহয় এই খবৰ৷ যেতিয়া এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে বাদ্যকাৰৰ গানৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি তেওঁৰ একাউণ্টত পোষ্ট কৰিছিল। ভিডিঅ’টো প্ৰথমে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈছিল, কিন্তু যেতিয়া বাদ্যকাৰে দুগৰাকী বঙালী ৰেপাৰৰ সৈতে লগ লাগি ইউটিউবত মিলিয়ন ‘ভিউজ’ লাভ কৰা এটা অফিচিয়েল ভিডিঅ’ নিৰ্মাণ কৰে, তেতিয়াই চৰ্চালৈ আহে ভুবন বাদ্যকাৰ আৰু তেওঁৰ বিখ্যাত ‘কাচা বাদাম’৷ অলপতে ভুবন বাদ্যকাৰে নিজকে এগৰাকী চেলিব্ৰেটী বুলি দাবী কৰি আৰু বাদাম বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই মন্তব্য কৰিছিল৷ উল্লেখ কৰিছিল। পশ্চিম বংগস্থিত গায়কগৰাকীৰ এই মন্তব্যই আনকি প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল৷ ভুবন বাদ্যকাৰে এতিয়া তেওঁৰ ‘চেলিব্ৰিটী’ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে আৰু প্ৰয়োজন হ’লে পুনৰ বাদাম বিক্ৰী কৰিব বুলি কৈ তেওঁ পুনৰ পূৰ্বৰ স্থিতিলৈ ঘূৰি যাবলৈ বিচাৰিছে৷