ৰঙিয়াঃ ৰঙিয়া বিছেন্নালাত ছয়দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ৭৩ তম্ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ। মহোৎসৱৰ শনিবাৰৰ দিনটোত অনুষ্ঠিত হোৱা পুৰ্ণ আহুতি প্ৰদান কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা। উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা। হিতসাধিনী সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা মহাবিষ্ণু যজ্ঞৰ পুৰ্ণ আহুতি কাৰ্য্যসুচীত বিভিন্ন ঠাইৰ হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে আহুত প্ৰদান কৰি শান্তি কামনা কৰে। ইফালে যজ্ঞ মহোৎসৱত উপস্থিত থাকি ৰিনিকী ভূঞাই পৰিয়াল তথা ৰাজ্যৰ শান্তি সম্প্ৰীতিৰ বাবে আহুতি প্ৰদান কৰি সেৱা লয়। যজ্ঞ মহোৎসৱ সমিতিৰি ফালৰ পৰা ৰিনিকী ভূঞাক সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে ১৯ ৫০ চনৰ পৰা এই অঞ্চলৰ ৰাইজে বিচেন্নালা বিষ্ণু মন্দিৰত যজ্ঞ আৰম্ভ কৰি এতিয়ালৈ সুচাৰুৰূপে পৰিচালনা কৰি আহিছে । আঞ্চলটো বয়োজ্যেষ্ঠ ব্যক্তিসকলে জানিবলৈ দিয়ামতে ১৯৪৯ চনত সেই অঞ্চলত দুটা ফৌদৰ মাজত এক সংঘৰ্ষ হৈছিল । সেই সংঘৰ্ষৰ ফলত বহু ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগাত পৰিছিল । ব্যক্তিসকলে প্ৰাণ হেৰুৱাব লগা হোৱাত অঞ্চলটোৰ ৰাইজে মৰ্মাহত হৈ ইয়াৰপৰা মুক্তি পাবলৈ সেই অঞ্চলত যজ্ঞ আৰম্ভ কৰাৰ সিদ্ধান্ত কৰিছিল । তেতিয়াৰ পৰা অৰ্থাৎ ১৯৫০ চনৰ পৰা এনেদৰে অঞ্চলটোৰ ৰাইজে শ্ৰী শ্ৰী মহাবিষ্ণু মন্দিৰত মহাযজ্ঞ অনুষ্ঠিত কৰি আহিছে বুলি জানিব দিয়ে ।