খোৱাংঃ আজি আবেলি খোৱাং অঞ্চলৰ ওপৰেদি পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা বতাহত খোৱাং ২ নং মাধকলি গাঁৱৰ পথেদি খোজ কাঢ়ি গৈ থকা এগৰাকী মহিলাৰ গাত এটা বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ ফলত মহিলা গৰাকীয়ে কৰুণ মৃত্যুক সাৱতিব লগা হয়।
ঘটনা বিৱৰণী মতে আজি আবেলি প্ৰায় চাৰি বজাত ক্ষন্তেকৰ বাবে খোৱাং অঞ্চলৰ ওপৰেদি পাৰ হৈ যোৱা এজাক ধুমুহাত ২নং মাধকলি গাঁৱৰ পথেদি খোজ কাঢ়ি গৈ থকা অৱস্থাত এগৰাকী মহিলাৰ গাত এটা বিদ্যুতৰ খুঁটা ভাঙি পৰাত কঠাল গুৰি চাংমাই গাঁৱৰ নিবাসী গিৰিণ ফুকনৰ পত্নী লক্ষী মণি কোঁৱৰ(৩০) নামৰ মহিলাগৰাকী ঘটনাস্থলিতে মৃত্যু হয়।
উল্লেখ্য যে বহু দিনৰ পৰা প্ৰায় আধা অংশ ভাঙি থকা বিদ্যুতৰ খুঁটাটো বিদ্যুৎ বিভাগে মেৰামতি নকৰাৰ ফলত খুঁটাটো আজি ভাঙি পৰে। যাৰ ফলত কৰুণভাৱে মৃত্যুক সাৱতিব লগীয়া হয় দুৰ্ভগীয়া মহিলাগৰাকীয়ে। আনহাতে জানিব পৰা মতে প্ৰচণ্ড ধুমুহাই মহিলাগৰাকীৰ বাসগৃহটোও ভাঙি চূৰমাৰ কৰি পেলায়। ইফালে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে।