আজি পদত্যাগ কৰিব ছোনিয়া গান্ধীৰ লগতে প্ৰিয়ংকা আৰু ৰাহুল গান্ধীয়ে

 03/13/2022 - 12:02


 


নিউজ ডেস্কঃ শেহতীয়াকৈ ৪ৰাজ্যৰ নিৰ্বাচনত চৰম বিপৰ্যয়ৰ পাছত আজি কংগ্ৰেছে আহ্বান কৰিছে ৱৰ্কিং কমিটিৰ বৈঠক। এই বৈঠকতে দলটোৰ এই অৱস্থা আৰু নিৰ্বাচনী বিৰ্পযয়ৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে নেতৃত্বৰ সালসলনিও ইংগিত পোৱা গৈছে। কংগ্ৰেছৰ এক সূত্ৰৰ ভিত্তিত ৰাষ্ট্ৰীয় সংবাদত প্ৰকাশিত খবৰ অনুসৰি, এই বৈঠকত চোনিয়া গান্ধীয়ে নিজৰ পদবীৰ পৰা পদত্যাগ কৰিব পাৰে। কেৱল তেৱেই নহয়, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়েও ব্যৰ্থতা স্বীকাৰ কৰি নিজৰ পদবীৰ পৰা পদত্যাগ কৰিব পাৰে। তিনিগৰাকী নেতাই পদত্যাগৰ প্ৰস্তাৱ ৰাখিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।