03/13/2022 - 18:49
in
কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলীৰ অন্তগত পশ্চিম কাৱৈমাৰি "নাথ গাঁও বৰ নামঘৰৰ প্ৰাংগনত ব্যতিক্ৰমী পৰিৱেশ। আয়তিৰ উৰুলি ধ্বনিত মুখৰিত নামঘৰ প্ৰাঙ্গন। আন দিনতকৈ এক অভিনব দৃশ্য দেখা গল এই নামঘৰৰ প্ৰাংগনত। মাহ প্ৰসাদ, ভোজ-ভাত খাই আনন্দত মতলীয়া সকলো লোক।অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ সম্পন্ন কৰিলে ৯খন কৈ বিবাহ। জানিব পৰা মতে উক্ত গাঁওখনৰ এই সকল যুবক-যুবতীয়ে বিবাহ পাশত আবদ্ধ হৈ সংসাৰ পাতি আহিছিল যদিও বিভিন্ন কাৰণত বিবাহৰ আনুষ্ঠানিকতা নোহোৱাত ৰাইজে তেওঁলোকক সকাহ দিবৰ বাবে এনে সুন্দৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। ইফালে বহু বিৰতিৰ পাছত বিবাহৰ সামাজিক স্বীকৃত পোৱাত সুখি দৰা-কইনা৷ গাওঁবাসীৰ এনে সুন্দৰ প্ৰদক্ষেপক শলাগ লৈছে অঞ্চলবাসী ৰাইজে।