তিতাবৰ টাইৰুণ চাহ বাগিচাত আৰক্ষীৰ অভিযান: জব্দ প্ৰায় কেইবা হাজাৰ টকাৰ সুৰা

 06/08/2019 - 11:05

তিতাবৰ: তিতাবৰৰ চাহ বাগিচা অঞ্চলসমূহত বৰ্তমানেও চলি আছে অবৈধ সুৰাৰ বেহা। শুকুৰবাৰে সন্ধিয়া তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰচলিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই টাইৰুণ চাহ বাগিচাৰ অন্তৰ্গত কেইবাখনো দোকানৰ পৰা জব্দ কৰে কেইবা হাজাৰ টকাৰ বিলাতী সুৰা।

জানিব পৰা মতে বাগিচাৰ শ্ৰমিকসকলে দৰমহা পোৱাৰ আগমুহূৰ্তত এনেদৰে একাংশ দোকানীয়ে সুৰা আনি অধিক মূল্যত বিক্ৰী কৰি মুনাফা অর্জন কৰে। উল্লেখযোগ্য যে আৰক্ষী অহাৰ খবৰ পালে লগে লগেই দোকানৰ পৰা পলায়ন কৰে সুৰা ব্যৱসায়ীসকল। সুৰাৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা বান্দৰচলিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ এই পদক্ষেপক শলাগ লৈছে বান্দৰচলিয়া অঞ্চলবাসী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।