গহপুৰৰ সোলেঙী গাওঁ পঞ্চায়তৰ সভাপতি বিপুল বৰাৰ মইমতালী

 03/17/2022 - 16:36

গহপুৰৰ সোলেঙী গাওঁ পঞ্চায়তৰ সভাপতি বিপুল বৰাৰ মইমতালী
সোলেঙী পঞ্চায়ত সভাপতিৰ  কৰ্ম - কাণ্ডত আশ্বৰ্যম্বিত গহপুৰবাসী 
মহিলাক জাতিগত  আপত্তিজনক গালি -গালাজৰ লগতে  বিশেষভাৱে সক্ষম ব্যক্তিক অন্যায় - হাৰাশাস্তিৰ  গুৰুত্বৰ অভিযোগ 

প্ৰাপ্ত তথ্য অনুসৰি পঞ্চায়ত কাৰ্যালয় চৌহদৰ মাটিত চৰকাৰী ভাবে আবন্টিত ৮ লাখ৭০ হাজাৰ টকা ব্যয় সাপেক্ষে ছয়টিকৈ পকী দোকানৰ ৰূম নিৰ্মাণ সম্পন্ন হয় 
এই সকলোখিনি তদাৰকৰ বেলিকা পঞ্চায়তৰ হাতত ন্যস্ত হোৱাত পঞ্চায়ত সভাপতি গৰাকীয়ে নিজ খেয়াল খুচি অনুসৰিয়েই নিৰ্ণয়কাৰী ভূমিকা গ্ৰহণ কৰা বুলি ভুক্ত ভোগীয়ে অভিযোগ আনিছে ।
 উল্লেখযোগ্য যে উক্ত পঞ্চায়তৰ অন্তৰ্গত যতীন দাস নামৰ শাৰীৰিক ভাবে সক্ষম এজন লোকে চূড়ান্ত অন্যায় আৰু হাৰাশাস্তি কৰাৰ অভিযোগ
বিধায়ক উৎপল বৰাৰ কথামতে বিশেষ ভাৱে সক্ষম ব্যক্তিগৰাকীয়ে তিনিমাহ পূৰ্বতে সভাপতি গৰাকীক ৰূমটিৰ বাবে আগধন  হিচাপে ২৫ হাজাৰ টকা জমা দিয়ে   আৰু মাহিলী ভাড়া একহাজাৰ টকা বন্দবস্ত কৰি ৰূমটি   ব্যৱহাৰ কৰিবলৈ দিয়ে    যদিও তিনিমাহ পৰ্যন্ত কৌশলেৰে কোনো এগ্ৰিমেন নকৰিলে 
 অবশেষত অতি দৰিদ্ৰ বিশেষ ভাৱে সক্ষম ব্যক্তিগৰাকীক কৌশলেৰে   জমাকৃত আগধন ঘূৰাই দি ৰূমটি তলামাৰি বন্ধ কৰি দিয়াত  বিশেষ ভাৱে সক্ষম ব্যক্তিগৰাকী জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সমস্যা আহি পৰা দেখা গৈছে ।
 ঠিক তেনেদৰে পূৰ্ণিমা দাস নামৰ আন এগৰাকী মহিলাৰ পৰা ৩০ হাজাৰ টকা চিকৰিটি হিচাপে লৈ এটি ৰূম প্ৰদান কৰে ।  
পূৰ্ণিমাই চিকৰিটি ৫হাজাৰ টকা বেছিকৈ লোৱাতো অবগত হৈ সভাপতি গৰাকীক এই লৈ  প্ৰশ্ন কৰাত তেওঁকো জমাধন ঘূৰাই দি ৰূম নিদিয়া হোৱাৰ লগতে তেওঁ বঙালী সম্প্ৰদায়ৰ হোৱাত  জাতিগত আপত্তিজনক অশ্লীল গালি -গালাজ পৰাৰ গুৰুত্বৰ অভিযোগ আনিছে মহিলা গৰাকীয়ে ।
 সভাপতি গৰাকীৰ  এনে কৰ্ম কাণ্ডত গহপুৰবাসীক আশ্চৰ্যম্বিত কৰি তুলিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।