খোজকাঢ়ি যাতায়াত কৰাৰ ইতিবাচক বাৰ্তাৰে চট্টিশগড়ৰ পৰা পদযাত্ৰা আৰম্ভ কৰা দুই যুৱক

 03/17/2022 - 18:17

খোজকাঢ়ি যাতায়াত কৰাৰ ইতিবাচক বাৰ্তাৰে চট্টিশগড়ৰ পৰা পদযাত্ৰা আৰম্ভ কৰা দুই যুৱক

কম দুৰত্বৰ স্থানলৈ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ বাহন ব্যৱহাৰ নকৰি পদযাত্ৰাৰে গহপুৰৰ ৰাজগড়ত উপস্থিত  দুই যুৱক
চট্টিশগড়ৰ ৰায়পুৰৰ পৰা ২০২০চনৰ ৭অক্টোবৰত পদযাত্ৰা আৰম্ভ কৰা দুই যুৱকে বুধবাৰে গহপুৰৰ নগৰত উপস্থিত হৈ ৰাজগড়েদি অৰুনাচল প্ৰদেশ অভিমুখে যাত্ৰা কৰে। 
  Burn Calories Not Fuel অৰ্থাৎ শৰীৰৰ উৰ্জা খৰচ কৰক ইন্ধন জাত সামগ্ৰী নহয় শীৰ্ষক ইতিবাচক বাৰ্তা পদযাত্ৰাৰে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ মাজত বিলোৱাৰ উদ্দেশ্যৰে উক্ত পদযাত্ৰা কৰিছে যুৱকদ্বয়ে।


সমগ্ৰ ভাৰতবৰ্ষ পৰিভ্ৰমণৰ লক্ষ্যৰে যাত্ৰা কৰা দুই যুৱকে উৰিষ্যা, চিকিম, পশ্চিমবংগ আৰু অসমকে ধৰি চাৰিখন ৰাজ্য ইতিমধ্যে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।