বকোৰ বেকেলী গাওঁ পঞ্চায়ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলী নিৰ্বাচনী সাধাৰণ সভা

 03/17/2022 - 19:20

বকোৰ বেকেলী গাওঁ পঞ্চায়ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলী নিৰ্বাচনী সাধাৰণ সভা

 কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বেকেলী গাওঁ পঞ্চায়ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলী নিৰ্বাচন সন্দৰ্ভত আজি আয়োজন কৰা হৈছিল সাধাৰণ সভা।
সমবায় সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়ো আৰু সম্পাদক নৰেন চন্দ্ৰ ৰাভাই জনোৱা মতে ; ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক বিভাগৰ দ্বাৰা পৰিচালিত গাওঁ পঞ্চায়ত সমবায় সমিতি সমুহ পৰিচালনাৰ বাবে সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা অনুসাৰে আয়োজন কৰা হয় নিৰ্বাচনী সাধাৰণ সভা। 
এই উপলক্ষে আজি আয়োজন কৰা হৈছিল সাধাৰণ সভা। 
সভাপতি প্ৰফুল্ল কুমাৰ বড়োৰ সঞ্চালনাত আয়োজন কৰা সাধাৰণ সভাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী পঞ্জীয়ক তথা নিৰ্বাচনী বিষয়া মৃণাল শইকীয়া ; নিৰ্বাচনী পৰ্য্যবেক্ষক হিচাপে উপস্থিত থাকে অঞ্জনা দাস ৰাজখোৱা আৰু লতা নেওগ। 
ইফালে নিৰ্বাচনী বিষয়া মৃণাল শইকীয়াই জনোৱা মতে ; চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত সমবায় সমিতিৰ নিৰ্বাচনী বিধিৰ ওপৰত আলোকপাত হোৱাৰ পিছত ১০ মাৰ্চত নিৰ্বাচনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 
সেই দিনা মুঠ আঠ গৰাকী সদস্যই মনোনয়ন দাখিল কৰিছিল। 
ইফালে সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ সদস্য সংখ্যা ১৫ গৰাকী হ'ব লাগে। 
কিন্তু আজিলৈ মুঠ আঠ গৰাকীহে সদস্য হোৱাত সেই আঠ গৰাকীকেই বৈধ্যতা প্ৰদান কৰে আৰু সমবায় সমিতি খনৰ সঞ্চালক মণ্ডলী গঠন হোৱা বুলি ঘোষণা কৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।