03/18/2022 - 12:19
in
হোলীৰ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিব বাসুদেৱ থান নৰোৱা
প্ৰদৰ্শন কৰা হব দুখনকৈ ভাওনা।
বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
দৌল উৎসৱক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বাসুদেৱ থান নৰোৱা সত্ৰ।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন।
আজি দিনটোত সত্ৰখনত দূৰ দূৰণিৰ পৰা আগমন হব হাজাৰ হাজাৰ ভক্ত দৰ্শনাথী।
আজি আইসকলৰ নাম,নাম প্ৰসংগ, ভাগৱতৰ পাঠ,আৰু ফাকুৱাৰ গীত পৰিৱেশন কৰিব।
আজি দিনটোতে প্ৰদৰ্শন কৰিব দুখনকৈ ভাওনা