চাপৰৰ এগৰাকী মহিলা নিৰুদ্দেশ
মাকৰ অপেক্ষাত পুত্ৰই বিনা ৰজনী ৰাতি কটাইছে।
বিয়াৰ মেক আপ কৰিবলৈ গৈ নিৰুদ্দেশ
চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল
ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ গোপালপুৰ গাওঁৰ বাসিন্দা অজয় বৰ্মন ৰ পত্নী চিত্ৰা বৰ্মন(বয়স ৩৫ বছৰ) যোৱা ৫ তাৰিখ শনিবাৰ দিনাৰ পৰা নিৰুদ্দেশ হৈ আছে।
চিত্ৰা বৰ্মণ নিৰুদ্দেশ হোৱাৰ দিনৰ পৰা পৰিয়ালৰ লোকে তাইক বিচাৰি একাকাৰ কৰিছে যদিও কোনো শুং সুত্ৰ পোৱা নাই।
ইপিনে মাকৰ চিন্তাত বিনা ৰজনী নিশা কটাইছে পুত্ৰই।
জানিব পৰা মতে যোৱা ৫ তাৰিখে বিয়াৰ মেক আপ কৰিব বুলি দিনৰ ১১ বজাত ঘৰৰ পৰা ওলাই গৈছিল চিত্ৰা বৰ্মণ।
পৰিয়ালৰ লোকে মহিলা জনীয়ে লগত লৈ যোৱা মবাইলত ফোন কৰে যদিও মবাইল চুইছ অফ দেখুৱায়।
অবশেষত ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষী থানাত যোৱা ৫ তাৰিখে এখন এজাহাৰ দাখিল কৰে যদিও ১২ দিন উকলি যোৱাত কোনো সুং সূত্ৰ নাপাই অবশেষত পৰিয়ালৰ লোকে সংবাদিকৰ কাষ চাপে ।
সাংবাদিকৰ আগত স্বামী , পুত্ৰ আৰু পৰিয়ালৰ লোকে ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনায়