ৰাজ্যত বৃদ্ধি নহয় পেট্ৰ’লৰ মূল্য !

 03/18/2022 - 16:27

ৰাজ্যত বৃদ্ধি নহয় পেট্ৰ’লৰ মূল্য !
 কিয়নো অতি ৰেহাই মূল্যত হিন্দুস্তান পেট্ৰলিয়ামে ৰাছিয়াৰ পৰা ক্ৰয় কৰিলে ২০ লাখ বেৰেল তেল 
প্ৰতি বেৰেল তেলৰ মূল্য ২০ৰ পৰা ২৫ ডলাৰ 
ইয়াৰ উপৰিও মাংগালোৰ ৰিফাইনেৰীয়েও ৰাছিয়াৰ পৰা ১০ লাখ বেৰেল তেল ক্ৰয় কৰাৰ বাবে নিবিদা জাৰি কৰিছে। অন্য ৰিফাইনেৰী সমূহেও সস্তা দৰত তেল ক্ৰয় কৰাৰ বাবে নিবিদা জাৰি কৰিছে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশে সিদ্ধান্ত লৈছিল তেল ক্ৰয় নকৰাৰ। যাৰ ফলত চিন্তাত পৰিছিল ৰাছিয়া।

সেয়ে এইবাৰ অতি  ৰেহাই মূল্যত তেল বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল ৰাছিয়াই। কিন্তু বহু দেশেই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব বিচৰা নাছিল।
 ভাৰতে সেই ৰেহাই মূল্যত ক্ৰয় কৰিলে  ২০ লাখ বেৰেল তেল। যাৰ ফলত  বহু সস্তাত তেল ক্ৰয় কৰি লাভৱান হৈছে ভাৰতৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.