বঙাইগাঁও জিলাৰ বাংলাপাৰা উপ স্বাস্থ্য কেন্দ্ৰত চুৰি: প্ৰয়োজনীয় নথিপত্ৰসহ মূল্যবান সামগ্ৰী চুৰি

 06/08/2019 - 11:55

মাণিকপুৰ: দোকান পোহাৰ, ঘৰ-বাৰী নহয় এইবাৰ চোৰৰ টাৰ্গেট চিকিৎসালয়। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ পৰা দুৰ্বৃত্তই চুৰিকাণ্ড সংগঠিত কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে বাংলাপাৰা উপ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম আনোৱাৰা খাতুন ঈদ উপলক্ষে যোৱা মংগলবাৰে নিজ ঘৰলৈ যায়।

আজি আবেলি নিজ ঘৰৰ পৰা উপ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰৰ প্ৰবেশদ্বাৰৰ তলা ভাঙি থকা প্ৰত্যক্ষ কৰে। দুৰ্বৃত্তই তলা ভাঙি প্ৰয়োজনীয় নথিপত্ৰ, দুটা চিলিণ্ডাৰসহ বহুতো মূল্যৱান সামগ্ৰী লুটি নিয়ে। ঘটনা সংক্ৰান্তত কোকিলা আৰক্ষী নিৰীক্ষণ চকীত অৱগত কৰাত কোকিলাৰ আৰক্ষী উপস্থিত হৈ এখন এজাহাৰ প্ৰস্তুত কৰি তদন্ত অব্যাহত ৰাখিছে।

ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.