হেপাঁহৰ ৰঙালী বিহুলৈ এমাহৰো কম দিন বাকী
দুবছৰৰ মুৰত জামুগুৰিহাটতো ঢোল নিৰ্মাণকাৰী শিল্পীৰ মুখলৈ আহিছে হাঁহিৰ ৰেঙনি
হেপাহৰ ৰঙালী বিহুলৈ হাতত মাথো আৰু এমাহৰো কম দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি চলিছে বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ।
বাপুটি সাহোন ৰঙালী বিহুটি ওচৰ চাপি অহাৰ লগে লগে যেন এতিয়া হাঁহিৰ ৰেঙনি বিয়পিছে জামুগুৰিহাটৰ ঢোল নিৰ্মাণকাৰী ব্যক্তিসকলৰ মাজলৈও ।
কভি'ড মহামৰীৰ বাবে বিগত দুটাকৈ বছৰত বহাগ বিহুটি ৰাজ্যবাসীয়ে
ভালদৰে উদযাপন কৰিব নোৱাৰাৰ ফলত নিৰ্মাণ কৰা ঢোঁল বিক্ৰী কৰিব নোৱাৰি আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল ঢোল নিৰ্মাণৰ লগত জড়িত ব্যক্তিসকল ।
কিন্তু এইবাৰ পৰিস্থিতি অনুকূল হোৱাত জামুগুৰিহাটৰ এইসকল ঢোঁল নিৰ্মাণৰ লগত জড়িত শিল্পীয়ে উৎসাহৰে ঢোল নিৰ্মাত ব্যস্ত হৈ পৰা দেখা গৈছে ।
বিহু অহাৰ লগে লগে ঢোঁল ক্ৰয় কৰাৰ বাবে এইসকল শিল্পীৰ হাতলৈ আহিছে কেইবাটাও অৰ্ডাৰ