06/08/2019 - 12:24
in
কৰিমগঞ্জঃ ধলাইৰ ৰজনীখালত বন বিভাগৰ ভূমি দখল কৰি বসতি স্থাপন কৰা ৮২ টা পৰিয়ালক এজাক হাতীৰ সহযোগত উচ্ছেদ কৰিলে প্রশাসনে। উচ্ছেদিত পৰিয়ালৰ আর্তনাদক গুৰুত্ব নিদিলে বনবিভাগৰ বিষয়াই।
বিজেপিক ভোট নিদিয়াৰ ভাবেই আমাক উচ্ছেদ কৰিলে চৰকাৰে। এই অভিযোগ সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰিলে উচ্ছেদিত একাংশ পৰিয়ালে।
বনবিভাগে আগতীয়াকৈ একো জাননী নিদি বলপূর্বক ভাৱে মানুহৰ ঘৰ চূৰমাৰ কৰি পেলোৱা কাণ্ডই দুখত কাতৰ কৰি তুলিছে ভূক্তভোগী পৰিয়ালক।