পৰ্বতঝোৰাৰ বৰভিটাত উদ্ধাৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা

 03/20/2022 - 15:59

পৰ্বতঝোৰাৰ বৰভিটাত উদ্ধাৰ বৃহৎ পৰিমাণৰ  চোৰাং কাঠৰ কুণ্ডা 

বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন প্ৰাধিকাৰী কাৰ্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলত এচাম চোৰাং বেপাৰীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে বন ধবংশ যজ্ঞ।
চোৰাং বেপাৰীয়ে সংৰক্ষিত বনাঞ্চলৰ কুমলীয়া শাল,চেগুন,গমাৰি আদি গছ কাটি তহলিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।
তেনে সময়তে,পৰ্বতঝোৰা  বন বিভাগে চোৰাং কাঠ কাৰবাৰীৰ বিৰুদ্ধে চলাইছে কঠোৰ অভিযান।
আজি পূৱতি নিশা পৰ্বতঝোৰা বন প্ৰতিৰক্ষা বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দত্তৰ নেতৃত্বত দেবিতোলাৰ বৰভিটা অঞ্চলত চলে অভিযান। 
পৰ্বতঝোৰা বন সংমণ্ডল কাৰ্যালয়ৰ DFO জয়ন্ত কুমাৰ ব্ৰহ্ম‌ই লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত বন কৰ্মীৰ দলটোৱে দেবিতোলাৰ বৰভিটাৰ শিলাই নদীৰ পৰা উদ্ধাৰ কৰে শাল গমাৰি সহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা।
বন কৰ্মীৰ দলটোৱে কাঠৰ কুণ্ডাবোৰ জব্দ কৰে যদিও কাঠ সৰবৰাহৰ লগত জড়িত কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।
বন কৰ্মীৰ দলটোৱে পিছে জব্দকৃত কাঠৰ কুণ্ডাবোৰ চুপাৰীঘাট স্থিত বন প্ৰাধিকাৰীৰ বিষয়াৰ কাৰ্যালয়ত আনে।
আৰু ইয়াৰ আনুমানিক মূল্য এক লাখৰ অধিক হব বুলি ধাৰণা কৰা হৈছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।