ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল বিহালীৰ সু-সন্তান সুভম পোখ্ৰেল

 03/20/2022 - 16:35

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল   বিহালীৰ সু-সন্তান সুভম পোখ্ৰেল 
 বিহালী সমষ্টিৰ  ঐতিহ্যমণ্ডিত গাংমৌথান সমীপৰ মাজগাৱঁৰ বাসীন্দা পুব বিহালী উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহিম পোখ্ৰেল আৰু যশোদা দেৱীৰ কনিষ্ঠ পুত্ৰ সুভম পোখ্ৰেলে
 বিগত ২০১৫ বৰ্ষত তেজপুৰ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল ২০১৯ বৰ্ষত মেকানিকেল ইন্জিনিয়াৰিঙত সোণৰ পদক লাভ কৰি ২০২২ বৰ্ষত আই আই টি (IIT)খড়কপুৰৰ দ্বাৰা অনুষ্ঠিত কৰা সৰ্ব ভাৰতীয় পৰ্যায় পৰীক্ষাত গেটত (Gate) সুক্ষাতিৰে উত্তীৰ্ণ হয়। 
সৰ্বভাৰতীয় পৰ্যায়ত মেকানিকেল ইঞ্জিনিয়াৰিং পৰীক্ষাত ২৮ সংখ্যক  স্থান আৰু ইঞ্জিনিয়াৰিং চাইঞ্চচত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য বিগত ২০১২ বৰ্ষত বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শেক্ষান্ত পৰীক্ষাত ৬টা বিষয়ত লেটাৰ মাৰ্কসহ  ডিষ্টিংশ্বনলৈ উত্তীৰ্ণ হৈছিল !
তদুপৰি পৰবৰ্তি সময়ত তেজপুৰ চাইঞ্চ একাডেমীৰ পৰা ৫ টা বিষয়ত লেটাৰলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল সুভম ।
সুভমৰ এনে গৌৰৱ বিহালীবাসীয়ে আদৰণি জনাইছে ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।