ভাৰতৰ আগশাৰীৰ ফেশ্বন আৰু বিউটি ডেষ্টিনেচন এতিয়া গুৱাহাটীত

 06/08/2019 - 12:36

গুৱাহাটী: চপাৰ্চ ষ্টপে গুৱাহাটীত বিলাসিতাৰ সেতু গঢ়িবলৈ চিটি চেণ্টাৰ মলত শুক্ৰবাৰে প্ৰথমখন বিপণী মুকলি কৰে। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে অভিনেত্রী বৰষাৰাণী বিষয়া। এই বিপণীৰ মুকলি কৰি অভিনেত্রীগৰাকীয়ে কয় যে "গুৱাহাটীত চপাৰ্চ ষ্টপৰ পদাৰ্পণত মই অভিভূত হৈ পৰিছো। এতিয়াৰে পৰা নিজৰ মহানগৰত আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু বিশ্ব-শ্ৰেণীৰ শ্বপিঙৰ অভিজ্ঞতা সোৱাদ লাভ কৰিব পাৰিব গুৱাহাটীবাসীয়ে"। মুকলি অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদানৰ বাবে 'চপাৰ্চ ষ্টপে চাউণ্ডচ অৱ গুৱাহাটী-বি দ্য চিঙগিং চুপাৰষ্টাৰ' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়।

ইয়াৰ জৰিয়তে চপাৰ্চ ষ্টপে সকলো উচ্চাকাংক্ষী সংগীত শিল্পীক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এক ডাঙৰ সুযোগ প্ৰদান কৰে। যোৱা এমাহত বিপণীত অনুষ্ঠিত হোৱা অডিশ্যন ৰাউণ্ডৰ জৰিয়তে শীৰ্ষ দহ গৰাকী গায়ক নিৰ্বাচিত কৰা হয়। এই গায়কসকলে এটি স্থানীয় বেণ্ডৰ সৈতে চপাৰ্চ ষ্টপে আয়োজন কৰা এক কাৰ্যসূচীত লাইভ অনুষ্ঠান পৰিবেশন কৰে।

ইয়াত তেওঁলোকৰ প্ৰতিভাৰে আৰু প্ৰশংশনীয় প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত অভিনেত্ৰী বৰ্ষাৰাণীয়ে উক্ত সংগীত শিল্পীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।