গুৱাহাটীত পাবজিয়ে প্ৰাণ ল'লে ছাত্রৰ

 06/08/2019 - 13:04

গুৱাহাটী: গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক শোকাৱহ আত্মহত্যাৰ ঘটনা। মাতৃয়ে পাবজি খেলাত বাধা দিয়াৰ বাবেই আত্মহননৰ দৰে চৰম পথ বাছি লয় গুৱাহাটীৰ ফেকাল্টি হাইস্কুলৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। খবৰ অনুসৰি পুৱা পলমকৈ উঠা ছাত্ৰজনে স্কুললৈ যাবলৈ অনীহা প্ৰকাশ কৰিছিল, তেনেতে মাতৃয়ে সেইদিনা স্কুলত ইউনিট টেষ্ট থকাৰ কথা গম পায়। পুত্ৰই পৰীক্ষাৰ খবৰ লুকুৱাই ৰখাৰ লগতে অনবৰতে ম’বাইলত গেম খেলি থকাক লৈ ভৎৰ্সনা কৰে মাতৃয়ে। ইয়াৰ পিছতে মাতৃয়ে নিজৰ কামৰ বাবে বাহিৰলৈ যায়।

দুপৰীয়া উভতি আহি মাতৃয়ে চীপ লোৱা অৱস্থাত পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। ফেকাল্টী হাইস্কুলৰ ছাত্ৰজনক লগে লগে হায়াত হাস্পতাললৈ নিয়া হয় যদিও ছাত্ৰজনৰ কেতিয়াবাই মৃত্যু হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে। মাৰাত্মক ব্লু–হুৱেল চেলেঞ্জৰ পিছত এইবাৰ কিশোৰ–কিশোৰীৰ জীৱনলৈ ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনিছে ম’বাইল গেম পাবজিয়ে।

উল্লেখ্য যে এই গেমৰ প্ৰতি আসক্তিৰ বাবেই কিছুদিন পূৰ্বে বহিঃৰাজ্যত এজন ছাত্ৰৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।