ব্ৰহ্মপুত্ৰত পুনৰ চলিছে এটা ইঞ্জিন চালিত নাও

 03/25/2022 - 13:26

ব্ৰহ্মপুত্ৰত পুনৰ চলিছে এটা ইঞ্জিন চালিত নাও 
 ২০১২ চনত বিশ্ব কঁপাই যোৱা লঞ্চ দুৰ্ঘটনাৰ পিছতো শিক্ষা নললে আভ্যন্তৰীণ জলপৰিবহন বিভাগ।  পুনৰ যাত্ৰীৰ জীৱনৰ লৈ হেতালি আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ। 
নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছত সাৰপোৱা বিভাগটো পুনৰ শুই পৰিল কিয় ? 
এই দৰে ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ হৈছে ভয়ংকৰ শিহৰনকাৰী যাতায়াত। 
নাটকীয় ভাবে বন্ধ হৈ পৰিল জলেশ্বৰ,ফকিৰগঞ্জৰ   ৰপেস্ক জাহাজৰ চলাচল। 
সুযোগ গ্ৰহণ কৰি লেচিয়ে বৰলৈতৰ বুকুত মেলি দিলে এটা ইঞ্জিন যুক্ত লঞ্চ । 
বিপদ সংকুলসংকুল ভাৱে দৈনিক শ শ যাত্রী লৈ এই দৰে চলি আছে এই সমূহ লঞ্চ। নাই লাইভ জেকেট নাই কোনো যাত্রীৰ হিচাপ । 
বিশ্ব কপাইযোৱা 2012 চনৰ মেদৰটাৰী ফেৰী দুৰ্ঘটনাৰ পুনৰাবৃ্তি হোৱাটো বিচাৰিছে নেকি ধুবুৰী আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।
আজি পুনৰ তেনে এক ঘটনাৰ পৰা ৰক্ষা পৰিল ধুবুৰী মেদৰটাৰি সংযোগী  লঞ্চৰ যাত্ৰী সকল। 
উল্লেখ্য যে, আজি দুপৰীয়া অহা প্ৰচণ্ড  ধুমূহাত আতংকিত হৈ পৰিল এই সকল যাত্ৰী। ধুবুৰীৰ পৰা মেদৰটাৰি লৈ আহি থকা অৱস্থাত আজি এক ভয়ংকৰ পৰিস্থিৰ সন্মুখীন  হবলগীয়া  এই সকল যাত্রীৰ । 
অতি সোনকালে এই বিষয় টোৰ ওপৰত গুৰুত্ব দিবলৈ ধুবুৰী জিলাৰ উপায়ুক্তক দাবি জনাইছে ভুক্তভোগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।