মঙলদৈ: মঙলদৈ ত্ৰিনয়ন সংগীত বিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নৃত্য শিল্পী কুশল ডেকাই যোৱা ৫ জুনত শিলিগুৰিৰ দীনবন্ধু মঞ্চত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি সহস্ৰাধিক দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। মঙ্গলম্ ডান্স একাডেমীৰ উদ্যোগত এদিনীয়াকৈ অনুষ্ঠিত ভাৱা মহোৎসৱত অসমৰ পৰা আমন্ত্ৰিত একমাত্ৰ সত্ৰীয়া নৃত্য শিল্পী কুশল ডেকাই 'সুত্ৰধাৰী আৰু কৃষ্ণ বন্দনা'ত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে। ভাৱা মহোৎসৱৰ সঞ্চালিকা ঋতুপৰ্ণা মুখাৰ্জী আৰু নৃত্য শিৰোমণি ৰাহুল দেৱ মণ্ডলে মঙলদৈৰ শিল্পী কুশল ডেকাক বিশেষ পাৰদৰ্শিতা আৰু মনোগ্ৰাহী নৃত্য প্ৰদৰ্শন কৰা বাবে স্মাৰক, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
তাৎপৰ্যপূৰ্ণ যে এইগৰাকী শিল্পী শিলিগুৰিলৈ যোৱাৰ খবৰ লাভ কৰি পশ্চিম বংগৰ মইনাগুড়িৰ চাপগড় আমগুৰিস্থিত 'শ্ৰী শ্ৰী মইনাগুড়ি শংকৰদেৱ সত্ৰ'ৰ ভকতসকলে শিলিগুৰিৰ পৰা তেওঁক সত্ৰখনলৈ আদৰি লৈ যায়। উল্লেখযোগ্য যে মঙলদৈ লাচিত নগৰৰ নিবাসী জুলন চন্দ্ৰ ডেকা আৰু মাধবী ডেকাৰ তৃতীয় সন্তান কুশল ডেকাই যোৱা ২৬ মে'ত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত 'নাগেশ্বৰী বৰ্মণ সোঁৱৰণী এনাজৰী বঁটা ২০১৯' লাভ কৰিছিল।
অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ পৰা সত্ৰীয়া নৃত্যৰ বিশাৰদ (উপাধি), সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ পৰা বিশাৰদ (গুণীন), লক্ষ্ণৌ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা শাস্ত্ৰীয় সংগীতৰ বিশাৰদ আৰু প্ৰাচীন কলাকেন্দ্ৰ চণ্ডীগড়ৰ পৰা কথক নৃত্যৰ বিশাৰদ ডিগ্ৰী লাভ কৰা কুশল ডেকাই সংগীত নাটক একাডেমী বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপক উষাৰাণী বৈশ্যৰ শিষ্য।