বিহালীঃ বিহালী সমষ্টিৰ বৰগাং জাতীয় বিদ্যালয়ৰ আজি বিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানটি অনুস্থিত হৈ যায়। আৰম্ভণিতে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গোস্বামীয়ে সৰস্বতী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা সমবেত সংগীতেৰে সভাখন আৰম্ভ কৰে। প্ৰধান শিক্ষয়িত্ৰী কৰবী দত্ত কটকীয়ে আঁত ধৰা সভাত অৱশ্যে অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ কটকীয়ে সভাপতিৰ আসন গ্ৰহণ কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সচীব খাদেম আলিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অভিভাৱক সন্মিলনৰ ওপৰত বক্তব্য অবসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গোস্বামীয়ে।
নিদিষ্ট বক্তাৰ ভাষণত ছাত্ৰ নতা অৰূপ তামুলীয়ে অভিভাৱক সকলক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় যে অভিভাৱকসকলে নিজৰ সন্তানক সদায় মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পিছত লোকপ্ৰিয় হাইস্কুলৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকাই সাৰুৱা বক্তব্য প্ৰদান কৰে। এই বঁটা বিতৰণি সভাত অংশগ্ৰহণ কৰে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমিনুৰ ৰহমান; সমাজকৰ্মী আব্দুৰ ৰহমান শ্বেখ; অবসৰপ্ৰাপ্ত কৃৰ্তী শিক্ষক বৈশ্যাকু ৰয়; অবসৰপ্ৰাপ্ত কৰ্মী সন্তুষ বৰুৱা, শিক্ষয়িত্ৰী অৰ্পনা শইকীয়া দাস, মিউজীক শিক্ষক গুপ্তাা বৰঠাকুৰ, সমাজ সচেতক সুৰঞ্জনা বৰা দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য নাচিৰ মুল্লা কেইবাজনো ছাত্ৰছাত্ৰী নৃত্য-গীত পৰিৱেশন কৰা সভাত অভিভাৱক সকলেও অংশগ্ৰহণ কৰে।