কেবিনেটৰ প্ৰথম বৈঠকত যোগী আদিত্যনাথৰ সিদ্ধান্ত, পুনৰ তিনিমাহলৈ বিনামূলীয়া ৰেচনৰ যোগান

 03/26/2022 - 19:24

 


নিউজ ডেস্কঃ দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে যোগী আদিত্যনাথে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাজ্যখনত বিনামূলীয়া ৰেচন সেৱা যোগানৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি উত্তৰ প্ৰদেশত পৰৱৰ্তী তিনিমাহৰ বাবে বিনামূলীয়া ৰেচনৰ দিয়া হ’ব, অৰ্থাৎ ৩০ জুনলৈকে উপলব্ধ হ’ব। শনিবাৰে যোগী মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। আজি লক্ষ্ণৌৰ লোক ভৱনত এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে, ‘আমি আৰু তিনিমাহৰ বাবে বিনামূলীয়া ৰেচন বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই যৌথ পদক্ষেপ কেৱল সাধাৰণ মানুহৰ স্বাৰ্থৰ বাবে লোৱা হৈছে।’যোগীয়ে শুকুৰবাৰে লক্ষ্ণৌত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।