বীভৎস পৰিবেশত পাঠদান ৰঙিয়াৰ এখন চৰকাৰী বিদ্যালয়ত

 06/08/2019 - 14:16

ৰঙিয়াঃ মেটেকা-হাবি-জংঘলেৰে আৱৰি ৰঙিয়াৰ শান্তিপুৰৰ শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যালয়খন কদৰ্য ৰূপ ধাৰণ কৰিছে। ৰঙিয়াৰ অন্যতম পুৰণি এই বিদ্যালয়খনত এক বীভৎস লেতেৰা পৰিবেশত পাঠদান চলি আহিছে। চৰকাৰী বিদ্যালয়ত এনে এক কদৰ্যময় পৰিবেশত কিদৰে দেশৰ ভৱিষ্যতৰ সু-নাগৰিক গঢ়ি তোলা হ’ব সেয়া বিচাৰ্যৰ বিষয়।

বোকা-পানীৰ মাজত থকা বাবে বহুকেইটা শ্ৰেণীকোঠা পাঠদানৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে। বিদ্যালয়খনত প্ৰায়ে জোক, সাপ, বিছা আদিয়ে বিচৰণ কৰি থকা বাবে অতি ভয়ে ভয়ে শিক্ষা গ্ৰহণ কৰিব লগা হোৱা বুলি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে খেদ প্ৰকাশ কৰে। বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে বিদ্যালয়খনৰ মেটেকা আদি চাফ-চিকুণ কৰাৰ কোনো ব্যৱস্থা নকৰিলে।

আনকি প্ৰধান শিক্ষকগৰাকীয়ে বাৰম্বাৰ ঊৰ্ধ্বতন মহলক ছাত্র-ছাত্ৰীৰ শৈক্ষিক সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত ব্যৱস্থা ল’বলৈ আবেদন জনাইছে যদিও গা নলৰিল অকৰ্মণ্য বিভাগটোৰ। এই বিদ্যালয়খনত কেন্দ্ৰীয় চৰকাৰৰ বহু অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানো প্ৰহসনত পৰিণত হৈছে। ইয়াৰ উপৰি বিশুদ্ধ খোৱাপানীৰো অভাৱ। ৰান্ধনীগৃহৰ অৱস্থাও তথৈবচ।

যাৰবাবে মধ্যাহ্ন ভোজন আঁচনিৰ আহাৰ প্ৰস্তুত কৰাটো অসুবিধাৰ সৃষ্টি হৈছে। পৰিবৰ্তনৰ শ্লোগান দি শাসনৰ গাদী দখল কৰা সোণোৱাল চৰকাৰে এনেদৰেই চৰকাৰী বিদ্যালয়ত মানৱ সম্পদ গঢ়ি তুলিবলৈ সক্ষম হ’ব নে। সেয়া এতিয়া লাখ টকীয়া প্ৰশ্ন!

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।