ইউটিউবত এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ আপলোড কৰাৰ আহ্বান বাবা ৰামদেৱৰ

 03/27/2022 - 15:08

 

 

নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পাছত দ্য কাশ্মীৰ ফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰিছে যোগ গুৰু বাবা ৰামদেৱে। যোগ গুৰুজনে ছবিখনৰ নিৰ্মাতাসকলক ছবিখন ইউটিউব আৰু ফেচবুকত আপলোড কৰিবলৈ অনুৰোধ জনাইছে। তেওঁৰ মতে, চিনেমাখন যিমান মানুহৰ ওচৰত যাব সিমানে মানুহে জানিব পাৰিব যে ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা প্ৰকৃত দুখ-দুৰ্দশাৰ বিষয়ে।

 

শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত, যোগ গুৰু বাবা ৰামদেৱক দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনৰ বিষয়ে সোধা হৈছিল। তেওঁ উত্তৰ দিছিল, “ছবিখনে ইতিমধ্যে যথেষ্ট ধন উপাৰ্জন কৰিছে। এতিয়া ছবিখনৰ প্ৰযোজকে চিনেমাখন ইউটিউব ফেচবুকৰ দৰে সামাজিক প্লেটফৰ্মত আপলোড কৰা উচিত যাতে অধিক লোকে ছবিখন চাব পাৰে।যোগ গুৰু বাবা ৰামদেৱক লগতে সোধা হৈছিল যে তেওঁ চিনেমাখন চাইছে নে? তেওঁ উত্তৰ দিছিল, “সময়ৰ অভাৱৰ বাবে, ব্যস্ত সময়সূচীৰ বাবে ছবিখন এতিয়ালৈকে যদিও চোৱা হোৱা নাই। কিন্তু, তেওঁ ইতিমধ্যে অৱগত যে ছবিখনত কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা, দুখ-কষ্ট বিষয়ে বুজোৱা হৈছে। ”

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।