আজিৰ দিনত আটাইতকৈ ডাঙৰ বৃত্তিটোৱে হৈছে ৰাজনীতি, ৰাজনীতিত সদায় পৰীক্ষা দিব লাগে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 03/27/2022 - 17:48


 
নিউজ ডেস্কঃ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম তথা উত্তৰ–পূবত উগ্ৰপন্থীৰ সংঘাতে জুৰুলা কৰিছে। চাহৰ ক্ষেত্ৰত অসম একক আৰু অনন্য আছিল। কিন্তু শেহতীয়াকৈ বাহিৰৰ পৰা অসমলৈ চাহ অহা আৰম্ভ হৈছে। অসমৰ তেলেৰে অসমৰ চাহিদা পূৰণ নহয়। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বাবে অসমত বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেলৰ মূল্য।’’৭৮ চনৰ পৰা অসমত আৰম্ভ হৈছিল আন্দোলন–প্ৰতিবাদ। আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্য স্থিৰ কৰা নহ’ল। বিগত ৭৫ বছৰ পূৰ্বে অসমৰ থকা সুবিধাসমূহ পুনৰ গ্ৰহণ কৰিব লাগিব। অহা ৫ বছৰত অসমৰ ৰাজহ বৃদ্ধি কৰিব লাগিব। বিগত ১০ বছৰত কিছু উন্নয়নৰ বাট দেখুওৱা হৈছে।‘কৰ্ম সংস্কৃতিৰ বাহিৰে একো হ’ব নোৱাৰে। মুখ্যমন্ত্ৰী কেতিয়াও অৰ্থনীতিবিদ নহয়, মুখ্যমন্ত্ৰী বুদ্ধিজীৱী নহয়। অসমৰ উন্নয়নৰ বাবে প্ৰতিগৰাকী অসমীয়াই চিন্তা কৰিব লাগিব। আমাৰ মানুহে চিন্তা কৰিব নিবিচাৰে। আমাৰ মানুহক চৰকাৰৰ পৰা মাথোঁ দিব লাগে। অসমলৈ অহা ট্ৰাক সমূহ ভৰ্তি, কিন্তু অসমৰ পৰা ট্ৰাকসমূহ খালী যায়। মাথোঁ মেঘালয়ৰ কয়লাভৰ্তি ট্ৰাক যায় বাহিৰলৈ।’কেন্দ্ৰৰ পৰা টকা নাহিলে আমি চলাব নোৱাৰো বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.