ভাল খবৰঃ ৩০ জুনৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা

 03/28/2022 - 15:16

 

নিউজ ডেস্কঃ ক'ৰণা মহামাৰীৰ বাবে অমৰনাথ যাত্ৰা যোৱা দুবছৰ ধৰি বন্ধ আছিল। অমৰনাথ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে। ইয়াৰ বাবে শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।এতিয়া পুনৰ ৩০ জুনত আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। পুনৰ ভক্তসকলে ৪৩ দিনৰ বাবে দৰ্শন কৰিব পাৰিব মহাদেৱক। এই যাত্ৰা ৰাখী বন্ধনলৈকে খোলা থাকিব। ভ্ৰমণৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া সোনকালেই আৰম্ভ হ'ব। যাত্ৰাৰ বাবে পঞ্জীয়ন এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু এদিনত সৰ্বাধিক ২০,০০০ লোকে পঞ্জীয়ন কৰিব পাৰিব। শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে শেহতীয়াকৈ এইকথা ঘোষণা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।