সপোন পূৰণঃ তামিলনাডুৰ চালেমৰ এজন যুৱকে ১ টকীয়া মুদ্ৰাৰে ২.৬ লাখ টকা সঞ্চয় কৰি কিনিলে সপোনৰ বাইক

 03/28/2022 - 17:10

 

নিউজ ডেস্কঃ নিজৰ সপোন পূৰণ কৰিবলৈ মানুহে সকলো কৰিব পাৰে। তামিলনাডুৰ চালেমৰ এজন যুৱকে শনিবাৰে ১টকাৰ মুদ্ৰাত সম্পূৰ্ণ পৰিমাণ পৰিশোধ কৰি তেওঁৰ ২.৬ লাখ টকাৰ সপোনৰ বাইকখন ক্ৰয় কৰিছে। ভি বুবাথি নামৰ যুৱকজনে তিনি বছৰৰ পৰা ১ টকাৰ মুদ্ৰা সঞ্চয় কৰি এটা শ্ব’ৰূমলৈ লৈ গৈছিল আৰু ক্ৰয় কৰিছিল এখন নতুন বাজাজ ড’মিনাৰ। ভাৰত এজেন্সীৰ মেনেজাৰ মহাবিক্ৰান্তে কয় যে, ‘মটৰচাইকেলৰ শ্ব’ৰূমৰ কৰ্মচাৰীসকলে বুবাথিৰ তিনি বছৰৰ সঞ্চয় গণনা কৰিবলৈ ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল।’ বুবাথি এজন বিচিএ স্নাতক আৰু চাৰি বছৰ পূৰ্বে ইউটিউব চেনেল আৰম্ভ কৰিছিল৷ ইয়াৰ পূৰ্বে তেঁও এটা ব্যক্তিগত কোম্পানীত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।