03/29/2022 - 13:07
in
নিউজ ডেস্কঃ প্ৰমোদ সাৱন্তক গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ হোৱা দেখা গ'ল। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে।
কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি আঁচনিখন অতি সোনকালেই কাৰ্যকৰী কৰা হ'ব। কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনক লৈ নিৰ্দলীয় আৰু এনজিপিৰ সহায়ত বিজেপিক শ’লঠেকত পেলোৱাৰ প্ৰস্তুতি চলাইছে যদিও মুখ্যমন্ত্ৰীয়ে এই সকলো জল্পনা-কল্পনা নাকচ কৰিছে। কংগ্ৰেছে এলেক্স চেকুয়েৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আনহাতে বিজেপিয়ে ৰমেশ তাভদকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।