অসমৰ কেইবাখনো জিলাত সংখ্যালঘূত পৰিণত হিন্দু সম্প্ৰদায়- মুখ্যমন্ত্ৰী

 03/29/2022 - 14:48

 

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-‘অসমৰ কেইবাখনো জিলাত হিন্দু সম্প্ৰদায়ৰ লোক এতিয়া সংখ্যালঘু’৷ সোমবাৰে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যখনত এতিয়া মুছলমান সম্প্ৰদায়ে সংখ্যালঘূ হিচাপে যোগ্যতা অৰ্জন কৰা নাই৷ কিয়নো ৰাজ্যৰ উত্তৰ-পূবৰ কেইখনমান জিলাত হিন্দুলোকসকলহে সংখ্যালঘুত পৰিণত হৈছে। ‘যেতিয়া ৰাজ্যখনত হিন্দুসকল সংখ্যাগৰিষ্ঠ নহয়, তেওঁলোকক সংখ্যালঘু হিচাপে ঘোষণা কৰিব পাৰে। কিন্তু মই অনুৰোধ কৰিছো যে যিকেইখন জিলাত হিন্দু সম্প্ৰদায় সংখ্যাগৰিষ্ঠ নহয়, সেই জিলাত হিন্দুসকলক সংখ্যালঘু ঘোষণা কৰা উচিত। অসমত বহুতো জিলা আছে য’ত হিন্দুসকল সংখ্যালঘুত আশাহীনভাৱে আছে। তেওঁলোকৰ কিছুমানৰ আনকি ৫,০০০তকৈও কম হিন্দু আছে৷’ ‘মুছলমান সম্প্ৰদায় সংখ্যাগৰিষ্ঠ আৰু অসমৰ সৰ্ববৃহৎ সম্প্ৰদায়। এয়া কেৱল মোৰ মতামত নহয়। এইটো পৰিসংখ্যা। পৰিসাংখ্যিকভাৱে মুছলমানসকল হৈছে অসমৰ সৰ্ববৃহৎ সম্প্ৰদায়৷’ শৰ্মাই লগতে কয় যে ক্ষমতাৰ সৈতে দায়িত্ব আহে আৰু যিহেতু মুছলমানসকল অসমৰ জনসংখ্যাৰ ৩৫ শতাংশ, ইয়াত সংখ্যালঘুসকলক সুৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।