প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 03/29/2022 - 16:02

 

নিউজ ডেস্কঃ মেঘালয়ৰ সৈতে সীমা চুক্তি স্বাক্ষৰৰ পূৰ্বে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট, আৰ্থ-সামাজিক দিশৰ ওপৰত আলোকপাত কৰে। তাৰোপৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণকামী আঁচনিৰ ওপৰতো আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সাক্ষাতৰ সময়ত অসমৰ বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী উপহাৰ দিয়ে। হস্তনিৰ্মিত সামগ্ৰী আৰু অসমৰ স্বকীয়তা থকা সামগ্ৰী উপহাৰ দি পুনৰ এবাৰ অসমৰ সুকীয়া পৰিচয়ৰ কথা উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।