নিউজ ডেস্কঃ কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে। আমিনুল ইছলামে কয়- ভুপেন বৰাই বিকৃত কথা কৈছে। APCC-ৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মিছলীয়া সভাপতি ভূপেন বৰা। ভুপেন বৰাই মিচা কথা কৈ AIUDF লৈ বাৰে বাৰে দোষ ঠেলিছে। বিধায়ক বিক্ৰী কৰি আজমল চাহাব গুছি গল বুলি মিচা কথা কৈছে ভুপেন বৰাই। যদি সাহস আছে ফোন কল ৰেকৰ্ড ৰাজহুৱা কৰিবলৈও ভূপেন বৰাক দাবী জনাইছে আমিনুল ইছলামে।
তেখেতক দেখোন বিহপুৰীয়াত কমিচন বৰা বুলি হে জানে, গতিকে আমাক সমালোচনা কৰা বাদ দিয়ক। AIUDF য়ে বিজেপিক প্ৰতিহত কৰাৰ বাবেহে ৰিপুণ বৰাক সহযোগিতা কৰিছিলোঁ বুলি মন্তব্য আমিনুল ইছলামৰ। তেওঁ কয়- কংগ্ৰেছে যদুকুল ধ্বংসৰ আখৰা কৰি আছিল, AIUDFক দোষ দি কংগ্ৰেছে ভুল কৰাৰ ষৰযন্ত্ৰ এয়া , আমি এই গোন্ধ আগৰ পৰাই পাই আছিলোঁ। কিন্তু ৰিপুণ বৰাক আমি ভোট দিমেই। ৰাজ্য সভালৈ যোৱাৰ আশাত আছিল ভুপেন বৰা, কিন্তু টিকত পালে ৰিপুণ বৰাই, যাৰ বাবে ৰিপুণ বৰাৰ বিৰুদ্ধে এইখন খেল কংগ্ৰেছৰ।