বতৰ বিজ্ঞান বিভাগৰ সৰ্তকবাণীঃ ১ এপ্ৰিলৰ পৰা হ’ব উৎকট গৰম

 03/30/2022 - 14:58

 

 

নিউজ ডেস্কঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১ এপ্ৰিলৰ পৰা উত্তৰ-পশ্চিম, মধ্য আৰু পশ্চিম ভাৰতত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে বুলি সৰ্তকবাণী জাৰি কৰিছে। দেশৰ বতৰ বিজ্ঞানীসকলে অৱগত কৰে যে অনাগত দিনবোৰত দেশবাসীয়ে আৰু অধিক গৰমৰ সন্মুখীন হ’ব। গুজৰাট, হিমাচল প্ৰদেশ আৰু কচ্ছত গ্ৰীষ্ম প্ৰবাহ হোৱাৰ সম্ভাৱনা আছে । দক্ষিণ হাৰিয়ানা, দক্ষিণ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, পূব মধ্য প্ৰদেশৰ উত্তৰ অংশ, উত্তৰ মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠাৱাড়াত তাপ প্ৰবাহে চুই যোৱাৰ সতৰ্কবাণী। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।