১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ মূল্য

 03/30/2022 - 17:42

 


নিউজ ডেস্কঃ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ মূল্য। ইস্পাট, এলুনিয়ামৰ বৰ্ধিত মূল্যবৃদ্ধিৰ বাবেই গাড়ী নিৰ্মাণ কোম্পানীসমূহৰ ওপৰত প্ৰভাৱ পৰিছে। যাৰ বাবে গাড়ী নিৰ্মাণ কোম্পানীসমূহে বাহনৰ মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। বহু গাড়ী নিৰ্মাণ কোম্পানীয়ে এপ্ৰিল মাহৰ এক তাৰিখৰ পৰা গাড়ীৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিএমডব্লিউ, টাটা মটৰ্ছ, টয়োটা কিৰ্লোস্কাৰ মটৰ আদিকে দৰি বহুকেইটা কোম্পানীয়ে মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। টয়োটাই সকলো গাড়ীৰ মূল্য ৪ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বিলাসী গাড়ী নিৰ্মাতা কোম্পানী বিএমডব্লিউ ইণ্ডিয়াইয়ো সকলো গাড়ীৰ মূল্য ৩.৫তাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।