অৰবিন্দ কেজৰিৱালৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ

 03/30/2022 - 18:44

 


নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ। এই কথা সদৰী কৰিছে দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মণীষ শিশোদিয়াই। মণীষ শিশোদিয়াই টুইট কৰি কয় যে অসামাজিক চক্ৰই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ কৰিছে আৰু চিচিটিভি কেমেৰা আৰু নিৰাপত্তা প্ৰতিবন্ধকতা ভাঙিছে।

 

গেটৰ বুম বেৰিয়াৰবোৰো ভাঙি পেলোৱা হৈছে। ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাধায়ো এই বিষয়টোত টুইট কৰি কয় বিজেপিক আক্ৰমণ কৰি কয়– ''বিজেপিৰ গুণ্ডাসকলে মাননীয় মুখ্যমন্ত্ৰীৰ ঘৰত কৰা আক্ৰমণ অত্যন্ত নিন্দনীয়। আৰক্ষীৰ উপস্থিতিত এই গুণ্ডাসকলে বেৰিকেড ভাঙিছিল, চিচিটিভি কেমেৰা ভাঙিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।