দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ প্ৰতি চীনৰ বাঢ়িছে মৰম

 03/14/2019 - 14:46

ডিজিটেল ডেস্কঃ জইছ-ই-মহম্মদৰ প্ৰধান দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ প্ৰতি চীনৰ দৰদ উথলি উঠিছে।

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰাত বাৰে বাৰে হেধাৰ ৰূপে থিয় দিয়ে চীন।

মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে ইউ এনৰ ওচৰত দাখিল কৰা প্ৰস্তাৱত ভেট’ পাৱাৰ প্ৰয়োগ কৰি বিৰোধিতা কৰে চীনে।

উল্লেখ্য যে, বুধবাৰে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আদি ৰাষ্ট্ৰৰ সমৰ্থনত পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল। কিন্তু চীনে সেই প্ৰস্তাৱৰ প্ৰতি অসন্মতি প্ৰকাশ কৰি তাৰ তীব্ৰ বিৰোধিতা কৰে।

আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদত এইবাৰৰ লগতে মুঠ ৪ বাৰকৈ চীনে ভেট’ পাৱাৰৰ ব্যৱহাৰেৰে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাত বাধা প্ৰদান কৰিছে।

বৰ্তমান পাকিস্তানত আত্মগোপন কৰি থকা মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাত বাধা প্ৰদান কৰিবলৈ চীনৰ হাতত বুধবাৰৰ নিশা ১২.৩০ বজালৈকে সময় আছিল। কিন্তু তাৰ পূৰ্বেই চীনে এই প্ৰস্তাৱত বাধা প্ৰদান কৰে।

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ প্ৰতি চীনৰ এনে দৰদে সকলোকে আচৰিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.