পূজা আয়োজনৰ নামত শতাধিকৰ পৰা ধন সংগ্ৰহ কৰি অন্তৰ্ধান প্ৰবঞ্চক

 06/08/2019 - 16:09

মাৰ্ঘেৰিটাঃ অত্যধিক অন্ধবিশ্বাসৰ বাবে তিনিচুকীয়া জিলাৰ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়াল প্ৰবঞ্চকৰ দ্বাৰা প্ৰবঞ্চিত হ'ব লগা হ'ল। নিৰ্ধাৰিত দিন অনুযায়ী আজি মা শীতলা পূজা পালিত হ’ল। পূজাৰ ভোগো প্ৰস্তত হ'ল। কিন্তু সমীৰ দত্ত নামৰ যিগৰাকী ব্যক্তিৰ সপোনৰ নিৰ্দেশ অনুযায়ী পূজা ভাগ আয়োজন হ'ল সেই গৰাকী ব্যক্তিয়ে ১০৮ টা পৰিয়ালৰ পৰা ১০ সহস্ৰাধিক টকা সংগ্ৰহ কৰি উধাও হ'ল।

এই প্ৰবঞ্চকগৰাকীয়ে পূজাৰ মণ্ডপ, ৫০০ ব্যক্তিৰ খিচিৰী, চাকিকে ধৰি সমগ্ৰ পূজাখনৰ ব্যয় বহন কৰাৰ কথা আছিল। নিজকে জাগুনৰ বুলি পৰিচয় দিয়া ব্যক্তিজনৰ বৰ্তমান মোবাইল চুইচ অফ। ঠিকনা অনুযায়ী খা-খবৰ কৰিও গম পালে যে তেনে নামৰ কোনো ব্যক্তি জাগুনৰ মিৰি গাৱঁত নাই। এইদৰে পূজা আয়োজনৰ নামত প্ৰৱঞ্চনা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।