মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱাৰে পৰা আৰম্ভ গঁড় গণনা

 04/01/2022 - 13:11

 

শালবাৰীঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱাৰে পৰা আৰম্ভ হৈছে গঁড় গণনাৰ কাম। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী, ভূঞাপাৰা আৰু পানবাৰী বনাঞ্চলত ২৫ টা খণ্ডত বিভক্ত কৰি গঁড়ৰ গণনাৰ কাম আৰম্ভ কৰিছে। গঁড় গণনাত চৰকাৰী বেচৰকাৰী ১৬ টা হাতী ব্যৱহাৰ কৰিছে বন বিভাগে। আজি দিনটোৰ ভিতৰত গঁড়ৰ গণনা সমাপণ হ’ব বুলি জানিবলৈ দিছে বন বিভাগে। এই বৰ্ষৰ গঁড় গণনাত পূৰ্বতকৈ গঁড়ৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰিছে মানাহ কৰ্তৃপক্ষই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।