বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত শান্তিপুৰত আজি সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা৷ মহকুমাটোৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ বাগান এলেকাৰ মিলনপুৰ অঞ্চলৰ বাসিন্দা প্ৰয়াত কানু শইকীয়াৰ পুত্ৰ জীতেন শইকীয়াই (৩৬) আজি নিজ বাসগৃহৰ পিছফালৰ বাৰিত এজোপা গছত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
শিলচৰত ভাৰতীয় সেনাবাহিনীত কৰ্মৰত শইকীয়াই ৮ দিনৰ চুটি লৈ ৬ জুন তাৰিখে ঘৰলৈ আহিছিল আৰু পত্নীৰ লগত পাৰিবাৰিক অশান্তিৰ বাবেই শইকীয়াই আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে শইকীয়াৰ আত্মহত্যাৰ বিষয়ে জানিব পাৰি বৰপথাৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো গছৰ পৰা নমায়৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃত জীতেন শইকীয়া আৰু তেওঁৰ পত্নী বিউটি শইকীয়াৰ ম'বাইল ফোন দুটা জব্দ কৰি ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে মৃত জীতেন শইকীয়াই মৃত্যুৰ সময়ত পত্নী আৰু ৮ বছৰ বয়সৰ পুত্ৰ সন্তান ত্ৰিৰঙ্গ প্ৰতিম শইকীয়াক ইহ সংসাৰত এৰি যায়৷