04/01/2022 - 13:37
in
নিউজ ডেস্কঃ আজিৰে পৰা বৃদ্ধি হ’ল ৰাজ্যৰ টোলগেট সমূহৰ কৰ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে জাৰি কৰা জাননী অনুসৰি ১৫ শতাংশকৈ বৃদ্ধি পাইছে টোলগেটৰ কৰ। অৰ্থাৎ টোলগেটেৰে বাহন পাৰ হ’লে ভৰিব লাগিব পূৰ্বতকৈ অধিক টকা। ৰাজ্যৰ বিভিন্ন ঠাইত অতি কম দূৰত্বত থকা টোলগেট সমূহৰ পৰা ৰাইজ অতিষ্ঠ হোৱাৰ মাজতেই এই কৰ বৃদ্ধিয়ে অধিক চিন্তিত কৰিছে ৰাইজক।