দেশত ২৫০ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ মূল্য

 04/01/2022 - 13:58

 


নিউজ ডেস্কঃ শুকুৰবাৰে বৃদ্ধি হয় বাণিজ্যিক প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ কৰা বাণিজ্যিক তৰলীকৃত পেট্ৰ’লিয়াম গেছৰ (এলপিজি)মূল্য। প্ৰতি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি হয়। ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ২,২৫৩ লৈ বৃদ্ধি হয়৷ আনহাতে গুৱাহাটীত ইয়াৰ মূল্য অপৰিবৰ্তীত বুলি জানিবলৈ পোৱা গৈছে৷ এই নতুন হাৰ আজিৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ পূৰ্বে বিগত মাহত বেঞ্চমাৰ্ক ইন্ধনৰ মূল্যৰ ওপৰত আধাৰিত কৰি প্ৰতি মাহৰ ১ তাৰিখে এলপিজিৰ মূল্য সংশোধন কৰা হয়। পৰিয়ালক বিক্ৰী কৰা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা ৰন্ধন গেছৰ মূল্য শেষবাৰৰ বাবে মাৰ্চত সংশোধন কৰা হৈছিল যেতিয়া প্ৰতি চিলিণ্ডাৰত ৫০টকা বৃদ্ধি ঘোষণা কৰা হৈছিল। দিল্লীত ১৪.২ কিলোগ্ৰাম ৰাজসাহায্যবিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া ৯৪৯.৫০ হয়গৈ। অক্টোবৰৰ আৰম্ভণিৰ পৰা এলপিজিৰ হাৰত এইটো প্ৰথম বৃদ্ধি আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।